Vision and Mission of the Department
অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে শৈক্ষিক
কৰ্মশালা, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰাৰ লগতে
মাতৃভাষা দিৱস, বিভিন্ন বিষয়ত
বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰাসংগিক বিষয়ৰ প্ৰতি আগ্ৰহ তথা বৌদ্ধিক
জ্ঞান বৃদ্ধি কৰিবলৈ যত্ন কৰা হয় । প্ৰতি বছৰে বিভাগৰ তৰফৰ
পৰা ছাত্ৰ ছাত্ৰীসকলৰ লিখনিৰে সমৃদ্ধ হাতে লিখা আলোচনী 'প্ৰেৰণা' আৰু 'অৰুণোদয়' নামেৰে
এখনি প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰা হয়। উল্লেখযোগ্য
যে অৰুণোদয় প্ৰাচীৰ পত্ৰিকাখনে প্ৰতিবছৰে মহাবিদ্যালয় সপ্তাহত স্থান পাবলৈ সক্ষম হৈ আহিছে। তদুপৰি অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ঐতিহাসিক
ক্ষেত্ৰ, বুৰঞ্জী প্ৰসিদ্ধ স্থান, সংগ্ৰহালয় আদিলৈ
শিক্ষামূলক ভ্ৰমণৰ বাবেও লৈ যোৱা হয়।
Programmes:
বিভাগৰ পাঠ্যক্ৰমঃ
·
কলা শাখাত উচ্চতৰ মাধ্যমিক
· বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক
· স্নাতক ডিগ্ৰীত সন্মানীয় বিষয় হিচাপে অসমীয়া
·
দূৰ শিক্ষাৰ অন্তৰ্গত
স্নাতক ডিগ্ৰী
· দূৰ শিক্ষাৰ অন্তৰ্গত স্নাতকোত্তৰ পাঠ্যক্ৰম
·
সুকুমাৰ কৌশলৰ (Soft skills)চাৰ্টিফিকেট কৰ্ছ
CBCS Syllabus
প্ৰথম ষাণ্মাসিক= C- 1 -অসমীয়া সাহিত্যৰ বুৰঞ্জী
C-2- অসমীয়া সাহিত্যৰ বুৰঞ্জী
AECC - যোগাযোগমূলক অসমীয়া
GE-1(A)- লোক পৰিবেশ্য কলা
GE-1 (B) অসমৰ সংস্কৃতি আৰু সাংস্কৃতিক পৰ্যটন
দ্বিতীয় ষাণ্মাসিক = C-3 ভাষাবিজ্ঞানৰ পৰিচয়
C-4 সাহিত্যতত্ত্ব
GE-2 অসমীয়া সাহিত্যৰ শিক্ষণ পদ্ধতি
তৃতীয় ষাণ্মাসিক =C-5 সাহিত্য সমালোচনা
C-6 অসমীয়া কবিতাৰ চানেকি
C-7 অসমৰ সংস্কৃতি অধ্যয়ন
GE-3 অসমীয়া ভাষাৰ শিক্ষণ পদ্ধতি
চতুৰ্থ ষাণ্মাসিক = C-8 তুলনামূলক সাহিত্য, পদ্ধতি আৰু প্ৰয়োগ
C-9 ভাৰতীয় আৰ্যভাষা আৰু অসমীয়া ভাষা
C-10 অসমীয়া গদ্যৰ চানেকি(ক)
GE-4 সাহিত্যৰ সমাজতাত্বিক অধ্যয়ন
পঞ্চম ষাণ্মাসিক = C-11 অসমীয়া নাটক
C-12 অসমীয়া ভাষা বৈজ্ঞানিক অধ্যয়ন
DSE-1 অসমীয়া ব্যাকৰণ,অভিধান আৰু জতুৱা প্ৰয়োগ
DSE-2 ভাৰতীয় সাহিত্যৰ পৰিচয়
ষষ্ঠ ষাণ্মাসিক = C-13 অসমীয়া গদ্যৰ চানেকি (খ)
C-14 অসমীয়া ভাষা আৰু লিপি
DSE-1(B) বিশ্ব সাহিত্যৰ পৰিচয়
DSE-4 (A) বিশেষ লেখক
বি. দ্ৰ. = উল্লিখিত পাঠ্যক্ৰমসমূহ অসমীয়া বিভাগৰ দ্বাৰা পাঠদান কৰা হয়।